ডাউনলোড
মোবাইল এপ

android apple
signal

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এভাণ্টেজ আচামৰ অংশ হিচাপে আই ৱে’ৰ জৰিয়তে বিকশিত অসম শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ অংশীদাৰ হ’বলৈ অসম সম্পূৰ্ণৰূপে সাজু। ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ্মপুত্ৰৰ জৰিয়তে বংগোপসাগৰৰ পৰা অপটিকেল ফাইবাৰ অনাৰ সম্ভাৱনাৰ অধ্যয়ন কৰিবলৈ অনুৰোধ জনায়। এনে হ’লে ৰাজ্যত দ্রুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে প্ৰমাণিত হ’ব বুলি তেওঁ উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে ২৫,২৫০ খন গাঁৱক অপটিকেল ফাইবাৰেৰে সামৰি লোৱা অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধার্থে এই প্ৰকল্পৰ কাম শীঘ্ৰে সম্পূর্ণ কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে লগতে ৪ হাজাৰ খন বনগাঁৱক দূৰসংযোগ ব্যৱস্থাৰে সামৰি লোৱাৰ বাবেও অনুৰোধ জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰে’ল যোগাযোগ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰাষ্ট্ৰৰ বিকাশত অসমে নেতৃত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ কয়, যে ভৌগলিক অৱস্থানগত সুবিধাৰ উপৰি অপাৰ সম্ভাৱনাৰ কথা বিবেচনা কৰিলে অসম কেৱল আছিয়ান দেশসমূহৰ বাবেই নহয়, ই সমগ্ৰ গ্লোৱেল চাউথৰ বাবে নিৰ্মাণ তথা পৰিবহন, সামগ্ৰী যোগানৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক