ডাউনলোড
মোবাইল এপ

android apple
signal

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে, বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ ৪ গৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰে। ইয়াৰে দুজন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে অভিযানকালত প্রায় ৩০ কিলোগ্রাম ওজনৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। ইপিনে, আছাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে প্ৰতিবেশী ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাৰ মানাভূম সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা দলৰ অৱস্থিতিৰ তথ্য লাভ কৰি অভিযান আৰম্ভ কৰিছে। নামচাইৰ আৰক্ষী অধীক্ষকে প্রকাশ কৰা মতে এই অঞ্চলটোৰে উগ্ৰপন্থীৰ আহ-যাহ ৰোধ কৰাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থান পথসমূহ ছীল কৰি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক