April 15, 2024 8:10 PM | Indian Army

printer

ডাষ্টলিকত পঞ্চম ভাৰত-উজবেকিস্তান যুটীয়া সামৰিক অনুশীলন

ভাৰতীয় সেনাই আজি পঞ্চম ভাৰত-উজবেকিস্তান যুটীয়া সামৰিক অনুশীলন ডাষ্টলিকত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ৰাওনা হৈছে। উজবেকিস্তানৰ টাৰমেজত আজিৰে পৰা আৰম্ভ হোৱা এই সামৰিক অনুশীলনৰ অহা ২৮ এপ্ৰিলত সামৰণি পৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই অনুশীলনত ভাৰতীয় সশস্ত্র বাহিনীসমূহৰ ৬০ গৰাকী সদস্যই অংশগ্ৰহণ কৰাৰ বিপৰীতে উজবেকিস্তানৰ ১০০ গৰাকী সদস্যই ভাগ লৈছে । পাৰ্বত্য আৰু নগৰীয়া অঞ্চলসমূহত যুটীয়া অভিযান ৰূপায়ণৰ বাবে সামৰিক সহযোগিতা আৰু যুটীয়া ক্ষমতা বৃদ্ধি কৰাই হৈছে এই অনুশীলনৰ মূল উদ্দেশ্য। এই অনুশীলনে দুয়োপক্ষকে নিজৰ সৰ্বশ্ৰেষ্ঠ অনুশীলন আৰু আন্তঃকাৰ্য্যকাৰিতাৰ আদান-প্ৰদানত সহায় কৰিব। উল্লেখযোগ্য যে, ভাৰত আৰু উজবেকিস্তানত এই ডাষ্টলিক অনুশীলন প্ৰতি বছৰে সলনাসলনিকৈ আয়োজন কৰি অহা হৈছে।

অধিক পঢ়ক

সকলো চাওক