ডাউনলোড
মোবাইল এপ

android apple
signal

October 25, 2024 10:48 AM | Dana Cyclone

printer

ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, কালি মাজনিশা ওড়িশাৰ ভিটৰকনিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ধামৰা বন্দৰৰ মাজৰ উপকূল ভাগত খুন্দা মৰা ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হৈছে। ভূৱনেশ্বৰৰ বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, ধুমুহাজাক ভূ-ভাগত প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ গতিবেগ প্রতিঘণ্টাত ১২০ কিলোমিটাৰলৈ বৃদ্ধি পায়। প্ৰৱল ধুমুহা জাক দুৰ্বল হোৱালৈকে প্ৰায় ৩-৪ ঘণ্টা বতাহ জাকৰ প্রাবল্য একেদৰে থাকে । বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ কেন্দ্ৰপাৰা আৰু ভদ্ৰক জিলাত ধাৰাষাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। ময়ুৰভঞ্জ, কটক, জাজপুৰ, বালেশ্বৰ আৰু জগতসিঙপুৰ জিলা আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহতো প্ৰৱল বৰষুণ দি আছে। স্থানীয় কৰ্তৃপক্ষসমূহক সতৰ্ক কৰি দিয়া হৈছে আৰু বিপদৰ আশংকা থকা এলেকাসমূহক জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন মাঝিয়ে পৰিস্থিতি সক্রিয়ভাৱে নিৰীক্ষণ কৰি আছে।

অধিক পঢ়ক

সকলো চাওক