ৰাষ্ট্ৰীয় ড’পিং প্ৰতিৰোধী সংস্থা এন এ ডি এই ৰাষ্ট্ৰীয় দল বাছনি অনুশীলনৰ সময়ত যোৱা ১০ মাৰ্চত ড’পিং টেষ্টৰ বাবে নমুনা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ পূৰ্বে সংস্থাটোৱে ২৩ এপ্ৰিলত বজৰং পুনিয়াক সাময়িকভাৱে নিলম্বন কৰিছিল। ইয়াৰ পাছত মল্লযুদ্ধৰ বিশ্ব পৰিচালন সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙেও খেলুৱৈগৰাকীক নিলম্বন কৰিছিল। বজৰং পুনিয়াই অস্থায়ী প্রতিবন্ধকতাৰ বিৰুদ্ধে আপীল জনোৱাত এন এ ডি এৰ অনুশাসনমূলক ড’পিং প্ৰতিৰোধী কমিটীয়ে ৩১ মে’ত খেলুৱৈগৰাকীৰ প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিছিল। ২৩ জুনত সংস্থাটোৱে পুনিয়ালৈ অভিযোগৰ আনুষ্ঠানিক জাননী জাৰি কৰিছিল। খেলুৱৈগৰাকীয়ে এই জাননীক প্রত্যাহ্বান জনাইছিল। ২০ ছেপ্তেম্বৰ আৰু ৪ অক্টোবৰত অনুষ্ঠিত শুনানিৰ পাছত চূড়ান্ত নিলম্বনৰ কথা নিশ্চিত কৰা হৈছিল।
Site Admin | November 27, 2024 11:31 AM | Bajrang Punia
ড’পিং টেষ্টৰ নমুনা অস্বীকাৰৰ বাবে বজৰং পুনিয়াক নিলম্বন
