প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰি তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি কয়, যে দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণৰ লগতে বিশ্বজুৰি শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত একেলগে কাম কৰিব। দয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড, মধ্যপ্রাচ্য আৰু ইউৰোপৰ নিৰাপত্তাজনিত বিষয়কে ধৰি অন্যান্য আঞ্চলিক বিষয়ত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত লোচনা কৰে। হোৱাইট হাউচে এটা বিবৃতিত প্ৰকাশ কৰা মতে দুয়োগৰাকী নেতাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সন্দৰ্ভতো আলোচনা কৰে। তেওঁলোকে লগতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় কোৱাড অংশীদাৰিত্ব সুদৃঢ় কৰি তুলিবলৈ বদ্ধ পৰিকৰ বুলি দোহাৰে। উল্লেখযোগ্য যে, ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে চলিত বৰ্ষৰ শেষৰ ফালে কোৱাড শীর্ষ নেতাসকলৰ সন্মিলন আয়োজন কৰিছে।
Site Admin | January 28, 2025 6:35 PM | Donald Trump | narendra modi
ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ
