May 17, 2024 12:42 PM | Trinidad

printer

ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লগতে ট্রিনিদাদত ক্রিকেট একাডেমী মুকলি কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু শ্ৰীমতী ৰামবাই বাইছে কালি ৰাজভৱনত ভ্ৰমণৰত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী শ্বেৰন ৰ’লীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ স্বাধীনতাই ট্রিনিদাদ আৰু ট’বাগোৰ স্বাধীনতাৰ বাট মুকলি কৰিছিল। ভাৰতৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে দেশখনৰ উন্নয়নত ভাৰতৰ বিনিয়োগ বৃহৎ অৱদানৰূপে বিবেচিত হ’ব। ইয়াৰ পূৰ্বে মুম্বাইত উদ্যোগজগতৰ নেতাসকলৰ সৈতে হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি ডº ৰ’লীয়ে কয় যে তেওঁলোকে দেশখনত বিনিয়োগ কৰাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিছে। ট্ৰিনিদাদত ক্রিকেট একাডেমী আৰম্ভ কৰাৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় বুলি প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীক আদৰণি জনাই মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীবাইছে কয় যে ট্রিনিদাদ মহান বেটছমেন ব্রায়ান লাৰাৰ দেশ। ৰাজ্যপালগৰাকীয়ে কৃষি, স্বাস্থ্য, ঔষধ, শক্তি আদিৰ দৰে খণ্ডসমূহত দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাক নতুন গতি প্ৰদান কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উভয় দেশে আধাৰ, ইউ পি আই, ডিজিলকাৰ, ই-স্বাস্থ্য আদিকে ধৰি ডিজিটীয় ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি আছে ৷

অধিক পঢ়ক

সকলো চাওক