ডাউনলোড
মোবাইল এপ

android apple
signal

ট্রাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কৰ্ক সর্বাত্মক পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আবদান আগবঢ়াইছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি আহে। এই ভ্ৰমণৰ পূৰ্বে শ্রী মোদীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্রমণ কৰে। যোৱা ১০ ফেব্ৰুৱাৰীত তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। আজি ওভতনি যাত্ৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতাক আগুৱাই লৈ যাব। তেওঁ কয়, যে শ্রীট্রাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কৰ্ক সর্বাত্মক পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আবদান আগবঢ়াইছে। প্রধানমন্ত্রীয়ে এই সন্দৰ্ভত টেক্সাছৰ হাউদী মোদী আৰু গুজৰাটৰ নমস্তে ট্রাম্প অনুষ্ঠানৰ বিষয়ে স্মৰণ কৰে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে ডোনাল্ড ট্রাম্পক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয়, যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, যে সকলো বিষয় কূটনৈতিকভাৱে সমাধান কৰা উচিত। ৰাষ্ট্ৰপতি ট্রাম্পে শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাক লৈ শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে বিশ্বই এই ক্ষেত্ৰত ভাৰতৰ নিৰপেক্ষ ৰাষ্ট্ৰ বুলি গণ্য কৰে যদিও ভাৰত নিৰপেক্ষ নহয়, বৰঞ্চ সদায় শান্তিৰ পক্ষত থিয় দি অহা এখন ৰাষ্ট্ৰহে। সাক্ষাৎকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে শ্ৰীমোদীক তেওঁৰ পুৰণি বন্ধু আৰু এগৰাকী মহান নেতা বুলি আখ্যা দিয়ে।

অধিক পঢ়ক

সকলো চাওক