যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ছাত্ৰ সংগঠনটোৱে এই বিভ্ৰান্তিকৰ বাৰ্তাৰ প্ৰচাৰে ধ্ৰুপদী মর্যাদা লাভ কৰা অসমীয়া ভাষাৰ অৱমাননা কৰা বুলি অভিযোগ কৰিছে আৰু অবিলম্বে এই বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰিবলৈ পত্রযোগে প্রধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হান্সেই আজি গুৱাহাটীত প্ৰকাশ কৰা অনুসৰি অসমীয়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ সামান্যতমো ধাৰণা নথকা বহিঃৰাজ্যৰ বণিকগোষ্ঠীয়ে দিয়া এনে বাৰ্তা আৰু বিজ্ঞাপন অসমৰ বিভিন্ন টেলিভিছন আৰু বাতৰিকাকতত প্ৰচাৰিত হৈছে। ছাত্ৰ সংগঠনটোৱে এয়া অসমবাসীৰ প্ৰতি অপমানজনক বুলি মন্তব্য কৰি এনে বাৰ্তা আৰু বিজ্ঞাপন অসমীয়া ভাষাৰ সম্যক জ্ঞান থকা স্থানীয় বৃত্তিজীৱিৰ দ্বাৰাহে প্ৰস্তুত কৰা উচিত বুলি পত্ৰখনত মত প্ৰকাশ কৰে।
Site Admin | January 7, 2025 8:54 PM | Cyber crime | Telecome