June 17, 2024 12:01 PM | ICC T20 World Cup

printer

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত পাকিস্তানৰ হাতত আয়াৰলেণ্ড তিনি উইকেটত পৰাস্ত

টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ ফ্ল’ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে। ১০৭ ৰানৰ লক্ষ্য সমুখত লৈ পাকিস্তানে ১৮ অভাৰ ৫ টা বলত ৭টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে ৩২ ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থীয়ে ৩টা আৰু কাৰ্টিছ কেম্পাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক আডাইৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। প্রথমে বেটিং কৰি আয়াৰলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে। আয়াৰলেণ্ডৰ হৈ গেৰেথ ডেলানীয়ে সৰ্বাধিক ৩১ ৰান কৰে। পাকিস্তানৰ হৈ শ্বাহীন আফ্রিদি আৰু ইমাদ ৱাছিমে ৩টা, মহম্মদ আমিৰে দুটা উইকেট আৰু হাছি ৰাউফে এটা উইকেট দখল কৰে। শ্বাহীন আফ্রিদিক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে পাকিস্তান আৰু আয়াৰলেণ্ড ইতিমধ্যে প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। আনহাতে ভাৰত আৰু আমেৰিকাই গ্ৰুপ এৰ পৰা ছুপাৰ এইটত উপনীত হৈছে। আজি গ্রুপ ‘ডি’ৰ এখন খেলত পুৱা বাংলাদেশে নেপালৰ বিৰুদ্ধে আৰু শ্ৰীলংকাই নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছে। প্রথমখন খেলত বাংলাদেশে নেপালক জয়ৰ বাবে ১০৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রতুত্তৰত নেপালে বাতৰি যুগুতোৱাৰ পৰলৈকে ৪ অভাৰত ২টা উইকেট হেৰুৱাই ২০ ৰাণ কৰি খেলি আছে। ইপিনে দ্বিতীয় খন খেলত নেডাৰলেণ্ডছে টছত জয়ী হৈ শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শেহতীয়া বাতৰি অনুসৰি শ্ৰীলংকাই প্ৰথমে বেট ধৰি ১৫ অভাৰত এটা উইকেট হেৰুৱাই ১২৪ ৰাণ সংগ্ৰহ কৰি খেলি আছে। আনহাতে গ্রুপ ‘চি’ৰ এখন খেলত নিউজিলেণ্ড পাপুৱা নিউগিনিয়াৰ বিৰুদ্ধে খেলিব। খেলখন ৱেষ্ট ইণ্ডিজৰ ট্ৰা’উবাৰ ব্ৰাইন লাৰা ষ্টেডিয়ামত নিশা ৮ বজাত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক