স্কটলেণ্ডে আজি বাৰ্ব্বাডোজৰ ব্ৰীজটাউনত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নামিবিয়াক ৫ উইকেটত পৰাস্ত কৰিছে। স্কটলেণ্ডে ১৫৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু তিনিটা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নামিবিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰান কৰে। ইপিনে, আয়োজক দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই কালি ডলাছত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত পূৰ্বৰ চেম্পিয়ন পাকিস্তানক ৫ ৰানত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৯ ৰান কৰে। পাকিস্তানৰ হৈ বাবৰ আজমে ৪৪ ৰান কৰে। আমেৰিকাৰ নোষ্ঠুছ কেনজিগেই তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত আমেৰিকাইয়ো ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১৫৯ ৰান সংগ্ৰহ কৰে। আমেৰিকাৰ হৈ মনাংক পেটেলে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। নিৰ্ধাৰিত অভাৰত খেলখন অমীমাংসিত হৈ ৰোৱাত ছুপাৰ অভাৰৰ সহায় লোৱা হয়। ছুপাৰ অভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰই এটা উইকেট হেৰুৱাই ১৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে এটা উইকেট হেৰুৱাই ১৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। আনহাতে, প্রতিযোগিতাত কানাডাৰ বিৰুদ্ধে জয়ৰে অভিযান আৰম্ভ কৰাৰ পাছত গ্ৰুপ-এত আমেৰিকাৰ এয়া দ্বিতীয়টো বিজয়। নিজৰ প্ৰথমখন খেলত পৰাজয় বৰণ কৰা পাকিস্তান পৰহিলৈ ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | June 7, 2024 11:52 AM | ICC Crimcket