টি-২০ বিশ্বকাপত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অর্জন

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৮ ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৫ টা উইকেটৰ বিনিময়ত ১১৫ ৰান সংগ্ৰহ কৰে। খেলখনত বৰষুণে বিধি-পথালি দিয়াত বাংলাদেশৰ বাবে ১৯ অ’ভাৰত ১১৪ ৰানৰ সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰা হয়। প্ৰত্যুত্তৰত বাংলাদেশে ১৭ অ’ভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। খেলখনত চাৰিটাকৈ উইকেট দখল কৰা আফগানিস্তানৰ নবীন-উল-হকক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত বৃহস্পতিবাৰে গায়ানাত হ’বলগীয়া ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক