May 26, 2024 12:59 PM | T-20 cricket

printer

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকালৈ ৰাওনা

২ জুনত আৰম্ভ হ’বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মাসহ ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল কালি আমেৰিকালৈ ৰাওনা হয়। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ, সূর্য কুমাৰ যাদৱ, ৰবীন্দ্র জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ সিং, খলিল আহমেদ, কুলদীপ যাদব, অক্ষৰ পেটেল, মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু বেটিং প্রশিক্ষক বিক্রম ৰাথোৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে ২ জুনৰ পৰা ২৯ জুনলৈ যুটীয়াভাৱে টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতে নিউয়ৰ্কৰ নৱনিৰ্মিত নাছাউ কাউন্টি আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলেৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। ভাৰত ৯ জুনত পাকিস্তানৰ, ১২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ১৫ জুনত কানাডাৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক