ভাৰতীয়-এ দলে কালি আল এমেৰাটত অনুষ্ঠিত পুৰুষৰ টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও দলটোৱে ১৯টা বল বাকী থকা অৱস্থাত ১০৭ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ হৈ ৰাহুল চোপ্ৰাই ৫০টা বলত সৰ্বাধিক ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ ৰাছিখ ছালামে দুই অভাৰত ১৫ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলে ৩টা উইকেট হেৰুৱাই একাদশ অভাৰত বিজয় লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ অভিষেক শৰ্মাই ২৪টা বলত ৫৮ ৰান কৰে। ৰাছিখ ছালামক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়।
ভাৰতীয় দলটো প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলখনত কাইলৈ ওমানৰ মুখামুখি হ’ব।
Site Admin | October 22, 2024 3:15 PM