চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ শ্ৰেণীভুক্ত কৰাৰ বাবে টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ উল্লেখযোগ্য সংশোধনৰ বিষয়ে অধিসূচনা জাৰি কৰিছে। এই সংশোধন পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। আঢ়ৈ কোটি টকা বিনিয়োগ কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক ক্ষুদ্র উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ’ব। প্ৰথমে এই শ্ৰেণীৰ উদ্যোগৰ বাবে বিনিয়োগ সীমা আছিল এক কোটি টকা। এইদৰে টাৰ্ণঅভাৰৰ সীমা ৫ কোটিৰ পৰা ১০ কোটিলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ১০ কোটি টকাৰ ঠাইত ২৫ কোটি বিনিয়োগ কৰা উদ্যোগবোৰক ক্ষুদ্ৰ উদ্যোগৰূপে শ্ৰেণীভুক্ত কৰা হৈছে। এইধৰণৰ উদ্যোগৰ বাবে টাৰ্ণঅভাৰ পূৰ্বৰ ৫০ কোটিতকৈ দুগুণ অর্থাৎ ১০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে ১২৫ কোটি টকা বিনিয়োগ কৰা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগক মজলীয়া উদ্যোগৰ শ্ৰেণীভুক্ত কৰা হৈছে। প্ৰথম অৱস্থাত এইধৰণৰ উদ্যোগত বিনিয়োগৰ পৰিমাণ আছিল ৫০ কোটি টকা। মজলীয়া উদ্যোগৰ টাৰ্ণঅভাৰৰ সীমা ৫০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ শ্ৰেণীভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল।
Site Admin | March 24, 2025 11:14 AM | MSME
টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ সংশোধনৰ অধিসূচনা জাৰি
