ডাউনলোড
মোবাইল এপ

android apple
signal

September 24, 2024 12:27 PM | Bimal Bora

printer

টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জাগীৰোডত স্থাপন হ’বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সম্ভাৱ্য সমস্যাসমূহৰ বিষয়েও আলোকপাত কৰা হয়। বৈঠকত টাটা গ্রুপ প্রতিনিধি আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু কৰ বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ইপিনে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই কালি ৰাজ্য চৰকাৰৰ উদ্যোগত হ’বলগীয়া ঝুমুৰ নৃত্য প্রদর্শনী সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি যোৱাবছৰ বিহুৱে গীণিজ বুকত নাম অন্তর্ভুক্ত কৰি বিশ্ব অভিলেখ গঢ়াৰ সমান্তৰালভাৱে এইবাৰ ২০০ বছৰ গৰকা অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আয়ুক্তসকলক এই অনুষ্ঠানৰ সফলতাৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুটি নৰখাকৈ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে দুৰ্গা পূজা সমিতিসমূহলৈ আর্থিক অনুদান আগবঢ়োৱাৰ ক্ষেত্ৰতো আলোকপাত কৰে।

অধিক পঢ়ক

সকলো চাওক