টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ’ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে কৈছে যে, বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ, নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পাছত টকিঅ’ত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, আজিৰ বৈঠকখনে বিভিন্ন ক্ষেত্ৰত দিক নির্ণায়ক ভূমিকা ল’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কৈছে যে, সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে ব্যক্তিগতভাৱে কোৱাৰ্ডৰ বৃদ্ধিৰ বাবে নেতৃত্ব দিছে। যোৱা কেই বছৰমানৰ পৰা বিস্তৃতভাৱে নতুন কর্ম আঁচনি হাতত লোৱা হৈছে বুলি উল্লেখ কৰি ড০ জয়শংকৰে কৈছে যে, টেলিকম প্রযুক্তি আৰু সাগৰৰ তলেৰে কেবল সংযোগৰ পৰা আৰম্ভ কৰি মানৱীয় আৰু দুৰ্যোগ সাহায্য, জটিল তথা উন্নত প্রযুক্তি, ছাইবাৰ তথা স্বাস্থ্য সুৰক্ষা, জলবায়ু, শিক্ষা, সামুদ্রিক ডমেইন সজাগতা, সন্ত্রাসবাদ বিৰোধী কার্যকলাপ, বিভিন্ন আন্তঃগাঁথনি আদি বিষয়ত বিভিন্ন কাম হাতত লোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কৈছে যে, কোৱাৰ্ডত থকা ১৬টা কৰ্মগোটে নতুনকৈ কৰিবলগীয়া কেইবাটাও কামৰ ওপৰত সহমতত উপনীত হৈছে।

তেওঁ কয় যে, সদস্য ৰাষ্ট্ৰসমূহে কোৱাডক কেনেকৈ আগুৱাই নিব পাৰি আৰু কিদৰে অধিক সম্পদ দি ৰাষ্ট্ৰসমূহৰ মাজত নতুনকৈ সমন্বয় কৰিব পাৰি তাৰবাবে বিভিন্ন কর্মপন্থা হাতত ল’বলৈ বাট চাই আছে। এইক্ষেত্ৰত আজি কোৱাডে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ড০ জয়শংকৰে কৈছে যে, ভাৰত-প্রশান্ত মহাসাগৰীয় সামুদ্রিক ড’মেইন সজাগতাৰ পদক্ষেপে তথ্য সংযোজন কেন্দ্ৰসমূহক সংযোগ কৰিছে। মৰিছাছত অতি সোনকালে মহাকাশভিত্তিক জলবায়ু, সতর্কবাণী ব্যৱস্থা আৰম্ভ কৰা হ’ব বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰিছে। কেৱল কোৱাডৰ সহযোগিতাইহে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ নিশ্চিতি প্ৰদান কৰিব পাৰে বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতিৰ এই অঞ্চলত প্ৰভাৱ দেখা গৈছে। সেয়েহে ৰাজনৈতিক বুজাবুজি শক্তিশালী হোৱা, অর্থনৈতিক অংশীদাৰিত্ব বৃদ্ধি পোৱা, প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্প্ৰসাৰণ ঘটা অতি প্রয়োজনীয় বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক