অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদ্যাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভৰাম্ভ কৰিব। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে আঠ সহস্রাধিক শিল্পী সমাবেত হৈছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী পৰিহিতা চাহ জনগোষ্ঠীৰ গাভৰুৰ নৃত্যৰ ছন্দ আৰু ঢোল-মাদলৰ চেওত খন্তেক পাছতে ষ্টেডিয়ামখন মুখৰ হৈ উঠিব।
চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এই দৃষ্টিনন্দন কাৰ্যসূচী প্রধানমন্ত্ৰীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ গৰাকী ৰাষ্ট্রদূতেও উপভোগ কৰিব। ইয়াৰে ২২ গৰাকী ৰাষ্ট্রদূতে পৰিয়ালৰ সৈতে এই অনুষ্ঠান প্ৰত্যক্ষ কৰিব। এই অনুষ্ঠান ৰাজ্যৰ ৮০০ খন চাহ বাগিচাত টিভি, এল ই ডি, প্রজেক্টৰৰ জৰিয়তে চৰকাৰে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ এখন বিশেষ বাহনেৰে ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী আৰু দৰ্শকক অভিবাদন জনাব। ঝুমুৰ নৃত্য শেষ হোৱাৰ পাছত এটা লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাচক বনিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছে৷