ডাউনলোড
মোবাইল এপ

android apple
signal

November 15, 2024 4:55 PM | Jharkhand Diwas

printer

ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সমাজিক মাধ্যমত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ভগৱান বীৰছা মুণ্ডা, বীৰ ছিড’ কানহু, চান্দ ভৈৰৱ, টিলকা মাঝি আৰু নীলাম্বৰ-পিতম্বৰে ঝাৰণ্ডৰ ভূমিক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ লগতে কয়, যে ঝাৰখণ্ড এখন প্রাকৃতিক সম্পদৰে চহকী ৰাজ্য আৰু ইয়াৰ জনসাধাৰণে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছে। তেওঁ কয়, যে ঝাৰখণ্ডৰ সমাজখন বিশেষকৈ জনজাতীয় সমাজ সাংস্কৃতিক বৈচিত্ৰতাৰ বাবেও পৰিচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে ঝাৰখণ্ডৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যৎ তথা উন্নয়নৰ শীৰ্ষত উপনীত হোৱাৰ বাবে কামনা কৰে। উপ-ৰাষ্ট্ৰপতি ধনখড়ে কয়, যে ঝাৰখণ্ডৰ প্ৰাকৃতিক সম্পদ, বন্য প্রাণীৰ বৈচিত্ৰ্য আৰু চহকী সংস্কৃতিয়ে দেশৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ কয়, যে জনজাতীয় সম্প্রদায়সমূহে ইয়াৰ পৰিচয়ৰ মূল শিলাস্তম্ভ আৰু তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোলনত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। শ্রী ধনখড়ে অনাগত দিনবোৰত প্ৰগতি আৰু সমৃদ্ধিৰ নতুন গতি লাভ কৰিব বুলি কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ঝাৰখণ্ডৰ জনজাতীয় সমাজৰ সংগ্ৰাম আৰু ত্যাগে দেশবাসীক সদায়ে গৌৰৱান্বিত কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ ৰাজ্যখন দ্রুত গতিত আগবাঢ়ি যোৱাটো কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক