ডাউনলোড
মোবাইল এপ

android apple
signal

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকল নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি ডুমকা, দেওঘৰ আৰু গিৰিডিহত নিৰ্বাচনী সভাত ভাষণ দি হেমন্ত চোৰেন চৰকাৰে জনজাতীয় লোকসকলক অকল ভোট বেংক হিচাপে গণ্য কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে ইউ পি এ চৰকাৰ দিনত ৰাজ্যখনত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে পুঁজি আৱণ্টন কৰা নাছিল বুলিও মন্তব্য কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধানসভা নিৰ্বাচনৰ সহপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই জামতাৰাত এখন নির্বাচনী সভাত ভাগ লৈ হেমন্ত চোৰেনে ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ তোলে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচন হেমন্ত চোৰেন চৰকাৰৰ ক্ষমতাচুত্য কৰাৰ সঠিক সময় বুলি কয়।
একেদৰে অভিনয় জগতৰ পৰা ৰাজনীতিত ভৰি দিয়া মিঠুন চক্ৰৱৰ্তীয়ে আজি ডুমকা আৰু জামতাৰাত প্ৰচাৰ চলায়। শিৱৰাজ সিং চৌহান আৰু চাম্পাই চোৰেনকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতায়ো এন ডি এ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰত ভাগ লয়। ইপিনে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই জামতাৰা আৰু খিৰিত নিৰ্বাচনী সভাত ভাষণ দি বিজেপিয়ে ঝাৰখণ্ডৰ সৈতে মাহীআইৰ দৰে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে খনিৰ পৰা লাভ কৰা শুল্কৰ পৰ্যাপ্ত অংশ ৰাজ্যখনক প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে।
ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেও বিজেপিয়ে তেওঁৰ চৰকাৰক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ তোলে। ডুমকাত এখন নির্বাচনী সভাত ভাগ লৈ শ্ৰী চোৰেনে নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। গীৰদিহৰ বগোদৰত এখন নির্বাচনী সভাত ভাষণ দি আৰ জি জিৰ জ্যেষ্ঠ নেতা তেজস্বী যাদৱেও বিজেপিয়ে ঘৃণা বিয়পোৱা বুলি অভিযোগ কৰে। এ জে এছ ইউ আৰু বাওঁদলৰ নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্বাচনী সভা আৰু ৰোড শ্বত ভাগ লয়। চি পি এমৰ পোলিট ব্যুৰোৰ সদস্য বৃন্দা কাৰাটে বিজেপি আৰু ঝাৰখণ্ড মুক্তিমৰ্চা উভয়ে তেওঁলোকৰ কাৰ্যকালত ৰাজ্যখনৰ দুখীয়া জনসাধাৰণৰ সৈতে প্ৰবঞ্ছনা কৰা বুলি মন্তব্য কৰে। ঝাৰখণ্ডত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক