ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তুংগত উঠিছে। এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডত দুখন নির্বাচনী সভাত ভাষণ দিব আৰু এটা ৰোড শ্বোত ভাগ ল’ব। তেওঁ দিনৰ এক বজাত বোকাৰোৰ চন্দনকিয়াৰি বিধানসভা সমষ্টিৰ চান্দিপুৰ ফুটবল খেলপথাৰত প্ৰথমখন সভাত অংশ ল’ব। ইয়াৰ পাছত শ্ৰী মোদীয়ে বিয়লি প্রায় ৩ বাজি ১৫ মিনিটত গঢ়বাত দ্বিতীয়খন নির্বাচনী সভাত ভাষণ দিব। একেদৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা হেমন্ত চোৰেনে তামাৰ, খিৰি আৰু ভৱনাথপুৰত কেইবাখনো নির্বাচনী সভা সম্বোধন কৰিব। আনহাতে আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী যাদৱে চৰাৰ হাণ্টাৰগঞ্জত দলৰ হকে প্ৰচাৰ চলাব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱেও আজি দেওঘৰ, সাৰথ আৰু পোৰেয়াহাটত তিনিখন নির্বাচনী সভাত অংশ ল’ব। একেদৰে বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনৰ সহপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছত্ৰা আৰু লাটেহাৰত দলৰ হৈ প্ৰচাৰ চলাব আৰ জে ডি, এ জে এছ ইউ আৰু বাও দলৰ নেতাসকলেও আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ হৈ প্ৰচাৰ চলাব। ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাৰ বাবে ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব ।
Site Admin | November 10, 2024 11:17 AM | Jharkhand State Elections