ঝাৰখণ্ড বিজেপিৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, সমাগত ঝাৰখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে জে ডি ইউ আৰু অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ সৈতে একেলগে প্রতিদ্বন্দ্বিতা কৰিব। তেওঁ কয় যে, আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শৰ্মাই কয় যে, আসন ভাগ বাটোৱাৰাৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আছে আৰু অক্টোবৰৰ প্ৰথম সপ্তাহত প্রার্থী তালিকা ঘোষণা কৰা হ’ব।
Site Admin | September 25, 2024 6:46 PM | CM Jharkhand
ঝাৰখণ্ড বিধানসভা নির্বাচনৰ বাবে আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
