ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যখনত বিয়লি ৫ বজালৈ ৬৪.৮৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই হাৰ আছিল ৬৩.৯ শতাংশ। ভোটদাতাসকলে নির্বাচন বৰ্জনৰ আহ্বান নেওচি সন্তোষজনক হাৰত ভোটদান কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আয়োগে লগতে ৰাজ্যখনৰ বাওঁপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহত ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে।
আনহাতে, কালি অসমৰ পাঁচটা সমষ্টিতো অনুষ্ঠিত উপ-নির্বাচনৰ ভোটগ্রহণ বিয়লি ৫ বজাত সামৰণি পৰে। সমষ্টিকেইটাৰ উপ-নির্বাচনত মুঠ ৩৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে ধলাই সমষ্টিত ৮গৰাকী, চামগুৰিত ১১ গৰাকী, ছিদলীত তিনিগৰাকী, বিহালীত চাৰিগৰাকী আৰু বঙাইগাঁও সমষ্টিত ৮গৰাকী প্রার্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সমষ্টিকেইটাৰ মুঠ ৯ লাখ ১২ হাজাৰ ভোটদাতাই এই ৩৪গৰাকী প্ৰাৰ্থীৰ নির্বাচনী ভাগ্য নিৰূপণ কৰিব ।