ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এন ডি এ আৰু ইণ্ডি মিত্রজোঁটৰ শীর্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যখনৰ কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক কঠোৰ সমালোচনা কৰিছে। ইপিনে মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত মহাৰাষ্ট্ৰৰ বিজেপি কৰ্মীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে মত বিনিময় কবি কালি প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্র মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ সৱলীকৰণত গুৰুত্ব আৰোপেৰে মহা মিত্ৰজোঁট চৰকাৰে চলোৱা প্ৰচেষ্টাৰ শলাগ লয়। মহা মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰায় আঢ়ৈ বছৰীয়া শাসন কালত মহাৰাষ্ট্ৰৰ জনসাধাৰণ যথেষ্ট সন্তুষ্ট বুলি শ্রী মোদীয়ে প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত তেওঁ কংগ্ৰেছে প্ৰায় ৫০ বছৰ দেশ শাসন কৰা সত্বেও ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰক যোগ্য সন্মান দিয়া নাছিল বুলি মন্তব্য কৰে। জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা বাহুল গান্ধীক সমালোচনা কৰি শ্ৰী সিঙে কয়, যে কংগ্ৰেছ নেতাগৰাকীয়ে এই বিষয়বোৰক লৈ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু ভোটদাতাসকলক আভুৱা-ভাঁৰাৰ চেষ্টা চলাইছে।
Site Admin | November 17, 2024 11:14 AM | Jharkhand and Maharashtra Assembly Election