September 3, 2024 8:12 PM | BJP | Jharkhand

printer

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এক লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১২ গৰাকী চাকৰি প্রত্যাশী দৌৰাৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ প্ৰভাৰী থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি প্রত্যাশীসকলৰ শাৰিৰীক পৰীক্ষাৰ সময়ত মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰিব। শ্ৰীশৰ্মাই কয় যে হেমন্ত চোৰেণ চৰকাৰে মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫০ লাখ টকাকৈ আৰু তেওঁলোকৰ কোনো এগৰাকী নিকটআত্মীয়ক চাকৰি প্ৰদান কৰা উচিত। বিজেপিয়ে ৰাজ্যখনৰ ক্ষমতালৈ আহিলে তেওঁলোকৰ পৰিয়ালৰ সদস্যক চাকৰি প্ৰদান কৰিব। ঝাৰখণ্ডত এইবছৰতে বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক