জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। কালি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি ডুমকা, দেওঘৰ আৰু গিৰিডিহত নির্বাচনী সভাত ভাষণ দি হেমন্ত চোৰেন চৰকাৰে জনজাতীয় লোকসকলক অকল ভোট বেংক হিচাপে গণ্য কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে ইউ পি এ চৰকাৰৰ দিনত ৰাজ্যখনত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে পুঁজি আৱণ্টন কৰা নাছিল বুলিও মন্তব্য কৰে। ইফালে, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই কালি জামতাবা আৰু খিতি নির্বাচনী সভাত ভাষণ দি বিজেপিয়ে ঝাৰখণ্ডক মাহীআইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে খনিৰ পৰা লাভ কৰা শুল্কৰ পৰ্যাপ্ত অংশ ৰাজ্যখনক প্ৰদান নকৰা বুলি অভিযোগ কৰে।
Site Admin | November 17, 2024 11:18 AM | Campaigning Jharkhand & Maharashtra Assembly Election
ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ
