ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁছীত প্রভাতকাৰা ময়দানত ঝাৰখণ্ড বিজেপিৰ সম্প্ৰসাৰিত কাৰ্যকাৰী কমিটিৰ বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ঝাৰখণ্ডৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা ৩০০ কোটি টকা আৰু ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ওচৰৰ পৰা ৩০ কোটি টকা জব্দ কৰা হৈছে। তেওঁ কয় যে, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে ৰাজ্যখনৰ জনগাঁঠনি সলনি হৈছে। চোৰেন চৰকাৰে অনুপ্ৰৱেশৰ বিষয় লৈ অকণো গুৰুত্ব দিয়া নাই আৰু ইয়াক ভোট বেংক হিচাপে গণ্য কৰিছে বুলি শ্ৰী শ্বাহে অভিযোগ তোলে। শ্ৰী শ্বাহে ৰাঁছীত দলৰ ৰাজ্যিক মূল গোটৰ এখন বৈঠকত অংশ লয়। বৈঠকত দলৰ সাংসদ-বিধায়কৰ লগতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা ঝাৰখণ্ডৰ নিৰ্বাচনৰ দায়িত্বত থকা দলৰ নেতা শিৱৰাজ সিং চৌহান উপস্থিত থাকে। নিৰ্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত ভাগ লয়। ঝাৰখণ্ড বিজেপিৰ মূৰববী বাবুলাল মাৰান্দীয়ে কয় যে, বৈঠকত শ্ৰী শ্বাহে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দল আৰু এন ডি এ মিত্ৰজোঁটৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে। ৰাজ্যখনত এই বছৰৰ শেষৰফালে বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক