ঝাৰখণ্ডৰ লিট্ৰিপাৰা বিধানসভা সমষ্টিৰ জে এম এম দলৰ বিধায়ক দিনেশ মাৰাণ্ডিয়ে বিজেপিত যোগদান কৰিছে। বিজেপিত যোগদান কৰাৰ পাছতে বিধায়কগৰাকীয়ে কয় যে ৰাজ্যখনত হেমন্ত চোৰেণ নেতৃত্বৰ চৰকাৰখনে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰিছে। শ্ৰীমাৰাণ্ডিয়ে আজি বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা শিৱৰাজ সিং চৌহানৰ উপস্থিতিত দলটোত যোগদান কৰে।
ইফালে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় প্ৰাৰ্থীৰ সমৰ্থনৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰযোটে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি ডামকা, ডেওঘৰ আৰু ধানৱাৰত ৩ খনকৈ প্ৰচাৰ সভাত অংশ ল’ব। আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে জামতাৰা আৰু খিজৰীত জনসভাত অংশগ্ৰহণ কৰিব। ঝাৰখণ্ড মুক্তিমৰ্চাৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে আজি ৰাজ্যখনৰ বিভিন্ন স্থানত ৬টা সমদলত ভাগ ল’ব।
Site Admin | November 16, 2024 5:56 PM | BJP | Dinesh Marandi | Political News