ডাউনলোড
মোবাইল এপ

android apple
signal

ঝাৰখণ্ডৰ গাণ্ডেত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

ঝাৰখণ্ডৰ গিৰিধে জিলাৰ গাণ্ডে বিধানসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। ৰাজ্যখনত চলিত মাহৰ ২০ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাণ্ডেতো এই ভোটদান অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এই আসনখনৰ বাবে জে এম এমৰ প্ৰাৰ্থী হিচাপে কল্পনা মুৰ্মুৱেও প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্ৰীমতী মুর্মু হৈছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পত্নী।

ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত চলিত মাহৰ ২০ তাৰিখে হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ এন ডি এ আৰু আই. এন. ডি. আই. এ শিবিৰৰ নেতাসকলে নিজ নিজ অঞ্চলত আজি সমষ্টিবাসীক সম্বোধন কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত আজি এন ডি এৰ হৈ প্ৰচাৰ চলাব। অমিত শ্বাহে গিৰিডিহ, গাণ্ডে আৰু বোকাৰোত তিনিখন নির্বাচনী সভাত অংশ লোৱাৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ধনবাদ, বোকাৰো আৰু বেমোত নিৰ্বাচনী সভাত জনতাক সম্বোধন কৰাৰ কথা। দেওঘৰ, ডুমকা আৰু বোকাৰোত জেএমএম দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হেমন্ত চোৰেণেও নির্বাচনী সভাত প্ৰচাৰ চলাব। আজেডি আৰু বাওঁপন্থী দলৰ নেতাসকলেও বিভিন্ন প্ৰচাৰ সভাৰ আয়োজন কৰিছে। ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ চলিত মাহৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক