ডাউনলোড
মোবাইল এপ

android apple
signal

ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব।
আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণো অনুষ্ঠিত হয়। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ৪ হাজাৰ ১৩৬ গৰাকী প্ৰতিদ্বন্দ্বী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ২ হাজাৰ ৮৬ গৰাকী নিৰ্দলীয় প্রার্থী আছে। বিজেপিয়ে ১৪৯টা সমষ্টিত, শিৱসেনাৰ একনাথ সিন্দে গোটে ৮১টা সমষ্টিত আৰু এন চি পিৰ অজিত পাৱাৰ গোটে ৫৯টা সমষ্টিত প্রার্থী দিছে। আনহাতে কংগ্ৰেছে ১০১টা সমষ্টিত, উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই ৯৫টা সমষ্টিত আৰু এন চি পিৰ শাৰদ পাৱাৰ গোটে ৮৬টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে।
আজি ভোটদান কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাছি, চলচ্চিত্র অভিনেতা অক্ষয় কুমাৰ, হেমা মালিনী, ৰাজ কুমাৰ ৰাও, চলচ্চিত্ৰ পৰিচালক ৰাকেশ ৰৌছন, জয়া এহছান আদিও আছিল। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। আজি নির্বাচনী ভাগ্য নিৰূপণ হ’বলগীয়া উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডি, বিধানসভাৰ অধ্যক্ষ ৰবীন্দ্ৰ নাথ মাহাতো বিধানসভাত বিৰোধী পক্ষৰ নেতা অমৰনাথ কুমাৰ বৌৰি, এ জে এছ ইউৰ সভাপতি সুদেশ কুমাৰ মাহাতো, ৰাজ্যিক মন্ত্ৰী ইৰফান আনচাৰি, হাফিজুল হাচান, দীপিকা পাণ্ডে সিং আৰু মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেণো আছে। ভোটগ্রহণ প্রায় শান্তিপূর্ণভাৱে সমাপ্ত হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক