ঝাৰখণ্ডত কাইলৈ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে গুমলা আৰু বোকাৰোত আয়োজিত জনসভাত সমবেত লোকসকলক সম্বোধন কৰে। শ্ৰীমোদীয়ে সবকা সাথ সবকা বিকাশ ভাৱাদৰ্শৰ প্ৰতি বিজেপি, এন ডি এ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। তেওঁ কয়, যে এই পথ অনুসৰণ কৰি ঝাৰণখণ্ডৰ লগতে দেশে উল্লেখযোগ্য বিকাশৰ দিশে অগ্ৰসৰ হ’ব পাৰিব । তদুপৰি শ্ৰীমোদীয়ে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছক সমালোচনা কৰি কয়, যে ৰাজ্যখনৰ প্ৰগতিৰ সৈতে দলকেইটাৰ লক্ষ্যৰ কোনো সামঞ্জস্য নাই। প্রধানমন্ত্ৰীগৰাকীয়ে ৰাগীৰ দৰে শস্যসমূহৰ উৎপাদন তথা বিক্ৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত কৃষি বিকাশ আশা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। কৃষকসকলক সমর্থন যোগোৱাৰ লগতে তেওঁলোকৰ স্বাৰ্থৰ হকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ঝাৰখণ্ড বিজেপিক তেওঁ প্ৰশংসা কৰে। সন্ধিয়াৰ ভাগলৈ শ্ৰীমোদীয়ে ৰাছীত এখন ৰোডশ্বত অংশগ্ৰহণ কৰাৰ কথা। জে এম এমৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হেমন্ত চোৰেণেও ৰাছীত আয়োজিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীচোৰেণে বিজেপি দলক সমালোচনা কৰি কয়, যে তেওঁৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰা হৈছে। ঝাৰখণ্ডৰ জনসাধাৰণে এই কার্যকলাপসমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে সমাগত নিৰ্বাচনত জনতাই বিজেপিক উপযুক্ত প্ৰত্যুত্তৰ দিব। ঝাৰখণ্ড বিজেপিৰ নেতা বাবুলাল মাৰান্দিয়ে মুখ্যমন্ত্ৰী চোৰেণৰ অভিযোগ খণ্ডন কৰি কয় যে, কেন্দ্ৰীয় সংস্থাসমূহে কেৱল নিজৰ দায়িত্বহে পালন কৰিছে। উল্লেখযোগ্য যে অহা বুধবাৰে ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৪৩ টা বিধানসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত অহা ২০ নৱেম্বৰত ৩৮ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। আনহাতে, কোদেমাত অনুষ্ঠিত এখন নির্বাচনী সভাত আৰ জে দিৰ মুৰববী লালুপ্রসাদ যাদৱৰ সৈতে প্ৰগতিৰ নামত প্রধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তোলে। তেওঁ ভোটদাতাসকলক ঝাৰখণ্ডৰ অবিৰত বিকাশৰ বাবে আই এন দি আই মিত্রজোটক সমৰ্থন কৰিবলৈ আহ্বান জনায়। ইপিনে, পালামোত আয়োজিত এখন জনসভাত এল জে পি আৰৰ সভাপতি চিৰাগ পাচোৱানে মুখ্যমন্ত্ৰী হৈ থকা কালত হেমন্ত চোৰেণে জনসাধাৰণক মিছা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ তোলে। শ্রীপাছোৱানে কয়, যে জে এম এম নেতাই ভোটবেংকৰ স্বাৰ্থত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিছে।
Site Admin | November 10, 2024 7:57 PM | bye Election