May 24, 2024 8:43 PM | Archery

printer

জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক দেশখনৰ হান চিউজিয়ন আৰু য়াং জিঅ’নৰ যুটিটোক পৰাস্ত কৰে। জ্যোতি আৰু প্রিয়াংশ ফাইনেলত উপনীত হোৱাৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ দুটাকৈ পদক নিশ্চিত হৈছে। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে জ্যোতি, পৰনীত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে কম্পাউণ্ড উইমেন্‌ছ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে, প্রথমেশ ফুগেই ব্যক্তিগত শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডীন আৰু ছয়াৰ ছুলিভানৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক