গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ জ্যোতি শিক্ষাকেন্দ্ৰসমূহত ১০ বছৰৰ অধিক কাল কর্মৰত শিক্ষা কৰ্মীসকলক পে স্কেল প্রদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নির্দেশ দিছে। ১০৫ গৰাকী ব্যক্তিয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শিক্ষা কৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নির্দেশ দিছে। আনহাতে আবেদনকাৰীসকলক ২০১৭ চনৰ ৰীট আবেদন সন্দৰ্ভত খণ্ড বিচাৰপীঠে দিয়া ৰায় সংলগ্ন কৰি সৰ্বশিক্ষাৰ ওচৰত ব্যক্তিগতভাৱে আবেদন দাখিল কৰিবলৈও নির্দেশ দিছে। অহা দুমাহৰ ভিতৰত তেওঁলোকে সৰ্বশিক্ষাত এই আবেদনসমূহ দাখিল কৰিব লাগিব। ইপিনে সর্বশিক্ষাই এই আবেদনসমূহ এমাহৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। উল্লেখযোগ্য যে আবেদনকাৰীসকল কামৰূপ মহানগৰ জিলাৰ অনাআৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰসমূহত নিজা স্বেচ্ছাসেৱক আৰু অতিৰিক্ত স্বেচ্ছাসেৱক হিচাপে কৰ্মৰত হৈ আছে। ২০০৩-০৪ চনৰ পৰা তেওঁলোকক চাকৰিত নিয়োগ কৰা হৈছিল।
Site Admin | November 14, 2024 12:17 PM | Guwahati High Court | sarba siksha abhijan