ডাউনলোড
মোবাইল এপ

android apple
signal

জ্যোতি চিত্ৰবনত আজিৰে পৰা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আৰম্ভ হৈছে। আজি ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প’ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি ৫.৩০ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাদ্দা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰচন্ন ভিথানাগে আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট চলচিত্ৰ পৰিচালকে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।
তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্ৰীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ লগতে মহোৎসৱৰ প্রতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্রদর্শিত হ’ব। মহোৎসৱৰ সৈতে সংগতি ৰাখি তিনিওদিনেই দেশৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু সমালোচকৰ অংশগ্রহণেৰে মুঠ ৭ খন মনোজ্ঞ আলোচনাচক্র অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক