ডাউনলোড
মোবাইল এপ

android apple
signal

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ দেহাৱসান

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ আজি পুৱতি নিশা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ৮৮ বছৰীয়া বিজ্ঞানীগৰাকী ভালেমান দিন ধৰি অসুস্থ হৈ আছিল। ড০ চিদাম্বৰমে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্প গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭৪ চনত ভাৰতে সম্পন্ন কৰা প্ৰথম পাৰমানৱিক পৰীক্ষা আৰু ভাৰতক বিশ্বৰ ভিতৰতে অন্যতম পাৰমানৱিক শক্তি হিচাপে চিহ্নিত কৰা ১৯৯৮ চনৰ পোখৰানৰ দ্বিতীয়টো পৰীক্ষাৰ সময়তো তেওঁৰ উল্লেখনীয় ভূমিকা আছিল। ড০ চিদাম্বৰমে ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা, ভাবা আনৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক আৰু আনৱিক শক্তি আয়োগৰ অধ্যক্ষ পদকে ধৰি বিজ্ঞান ক্ষেত্ৰ আৰু কৌশলগত বিকাশ ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল। ১৯৭৫ চনত তেওঁক পদ্মশ্ৰী আৰু ১৯৯৯ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিজ্ঞানীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে, যে ড০ ৰাজাগোপাল ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ এগৰাকী অন্যতম হোতা আছিল। তেওঁ লগতে দেশৰ বৈজ্ঞানিক আৰু কৌশলগত সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ অৱতাৰণৰ শলাগ লয়।

অধিক পঢ়ক

সকলো চাওক