ডাউনলোড
মোবাইল এপ

android apple
signal

June 26, 2024 8:56 PM | Om Birla Elected

printer

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁক অধ্যক্ষৰ আসনলৈ আগবঢ়াই নিয়ে। ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু এন ডি এৰ আন ১২ গৰাকী নেতাই লোকসভাৰ অধ্যক্ষ পদৰ বাবে শ্রীবিৰলাৰ নাম প্ৰস্তাৱ কৰে। আনহাতে বিৰোধী পক্ষৰ হৈ শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা অৰবিন্দ সাৱন্ত, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলে আৰু সমাজবাদী পার্টিৰ সাংসদ আনন্দ ভাদৌৰীয়াই কংগ্ৰেছ সাংসদ কে সুৰেশৰ নাম প্ৰস্তাৱ কৰে। শ্ৰীবিৰলাই নিজৰ ভাষণত লোকসভাৰ অধ্যক্ষ ৰূপে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে তেওঁৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰাৰ বাবে সদনৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয় যে তেওঁ সংসদীয় প্ৰমূল্য আৰু গণতান্ত্ৰিক পৰম্পৰা সমৃদ্ধ কৰাত অগ্ৰাধিকাৰ দিব। তেওঁ কয় যে বিগত দশকত জনসাধাৰণৰ আশা-আকাংক্ষা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ হকে সমূহীয়াভাৱে কাম কৰাটো সাংসদসকলৰ দায়িত্ব। সদনত অচলাৱস্থাৰ পৰিৱৰ্তে বিতৰ্ক আৰু আলোচনাৰ পথ গ্রহণ কৰা উচিত বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিবাদ সাব্যস্তকৰণৰ মাধ্যম সংসদৰ গৰিমা অনুযায়ী হ’ব লাগে। অধ্যক্ষই সদনৰ গৰিমা আৰু মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলগীয়া হয় বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাৰ বাবে শ্রীবিৰলাক অভিনন্দন জনাই কয় যে তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ লগে লগে নতুন ইতিহাসৰ সৃষ্টি হ’ল। প্রধানমন্ত্রীয়ে কয় যে, সদনত পৰৱৰ্তী ৫ বছৰৰ বাবে শ্রীবিৰলাই আগবঢ়াবলগীয়া দিহা-পৰামৰ্শৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে। এগৰাকী সাংসদ হিচাপে শ্ৰীবিৰলাৰ ভূমিকা সংসদৰ নতুন সদস্যসকলৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। অধ্যক্ষগৰাকীৰ নেতৃত্বত পূৰ্বৰ লোকসভাত কেইবাখনো ব্যতিক্রমী বিধেয়ক গৃহীত হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, সাংসদসকলৰ আচাৰ-ব্যৱহাৰ আৰু দায়বদ্ধতাই সংসদীয় গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও লোকসভাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে শ্রীবিৰলাক অভিনন্দন জনাইছে। বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়েও নৱনিৰ্বাচিত অধ্যক্ষ শ্ৰীবিৰলাক অভিনন্দন জনাই কয় যে, এই সদনে জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে। সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিৰোধী পক্ষই সহায় সহযোগিতা আগবঢ়াব বুলিও তেওঁ শ্ৰীবিৰলাক নিশ্চিত কৰি দিয়ে। তেওঁ লগতে কয় যে, বিশ্বাস আৰু আস্থাৰ লগতে বিৰোধী পক্ষৰ ব্যক্ত্যব উত্থাপনৰ বাবে লাভ কৰা অনুমতিৰ জৰিয়তে সকলো পক্ষৰ সহযোগিতা সম্ভৱ হৈ উঠে। একেদৰে সমাজবাদী পার্টিৰ নেতা অখিলেশ যাদৱেও বিৰোধী পক্ষই তেওঁলোকৰ বক্তব্য উত্থাপনৰ বাবে প্রয়োজনীয় সময় লাভ কৰিব বুলি আশা প্রকাশ কৰে। আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ে সপ্তদশ লোকসভাত বিৰোধী দলৰ সাংসদৰ বৰ্খাস্তকৰণৰ প্ৰসংগটো উত্থাপন কৰি কয় যে, সদনত উপযুক্ত আলাপ-আলোচনাৰ জৰিয়তেহে বিধেয়ক গৃহীত হোৱা উচিত।

অধিক পঢ়ক

সকলো চাওক