জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ জামছেদপুৰত  নিৰ্বাচনী প্ৰচাৰ

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দাবী কৰে। তেওঁ দেশৰ উন্নয়নৰ বাবে ব্যৱসায়ীসকল অতিকে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে। এই প্ৰসংগত কংগ্ৰেছক তীব্র সমালোচনা কৰি শ্ৰীমোদীয়ে বিৰোধী দলটোৱে ব্যৱসায়ী সম্প্রদায়ক দেশৰ শত্ৰু হিচাপে গণ্য কৰে বুলি দাবী কৰে। ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলৰ বিৰোধিতা কৰিলে জনসাধাৰণৰ কৰ্মসংস্থাপন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’ব বুলি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে বৰ্তমানৰ নিৰ্বাচনৰ প্ৰসংগত অর্থনীতি, যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ, কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক লৈ হোৱা আলোচনাসমূহৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ আৰু জে এম এম এনক তীব্র সমালোচনা কৰে। ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত নির্বাচনী সমাৱেশৰ পাছত শ্ৰী মোদী পশ্চিমবংগলৈ ৰাওনা হয়। ৰাজ্যখনৰ পুৰুলীয়া আৰু বিষ্ণুপুৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত বিজেপি নেতাজনে মেদিনীপুৰত অন্য এটা নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি সন্ধিয়া নিৰ্বাচনী ভ্রমণসূচীৰে শ্ৰী মোদী ভূবনেশ্বৰত উপস্থিত হ’ব। কাইলৈ পুৰীত তেওঁ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশ আৰু বিহাৰত নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু জৌনপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পাছত বিজেপি নেতাগৰাকীয়ে বিহাৰৰ বেটিয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । ইফালে ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ নেতা মল্লিকার্জুন খাৰ্গেয়ে কংগ্ৰেছৰ পঞ্চমুখী ন্যায় আৰু ২৫টা প্ৰতিশ্ৰুতিৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক