April 28, 2024 8:35 PM | PM Modi Campaign

printer

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্ণাটকৰ উত্তৰা কানাড়াৰ চিৰচি আৰু দেৱনাগৰিত নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে বিভিন্ন দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উত্তৰা কানাড়াৰ চিৰচি আৰু দেৱনাগৰিত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্রীমোদীয়ে এখন জনসভাক সম্বোধন কৰি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ গেৰেণ্টীৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে দেশৰ সুৰক্ষা ব্যৱস্থা আৰু উন্নয়ন সুনিশ্চিত কৰে। তেওঁ কয় যে, বজৰাৰ খেতিৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰা, মীন পালনৰ বাবে এটা পৃথক মন্ত্ৰ্যালয় গঠন কৰা, মীন পালকসকলক কিষাণ ক্রেডিট কার্ড প্রদান কৰা, মৎস্য সম্পদা যোজনা, স্মার্ট চিটি, নতুন ৰেলৱে লাইন তথা কৰ্ণাটকত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা ২৪ ৰ পৰা ৪৭ টালৈ বৃদ্ধি কৰা আদিয়ে জনসাধাৰণক উপকৃত কৰিছে। আনহাতে, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, বেংগালুৰুৰ বোমা বিস্ফোৰণ আৰু ৰাজ্যখনৰ অন্যান্য আইন আৰু সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় ঘটনাসমূহ কংগ্ৰেছ দলৰ ভোটবেংক ৰাজনীতিৰ বাবেই হৈছে। তেওঁ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে অহা এঘাৰ হাজাৰ কোটি টকা আন কামত ব্যৱহাৰ কৰা আৰু পূৰ্বৰ বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সম্মান নিধি যোজনাৰ অধীনত কৃষকসকলক প্ৰদান কৰা ৪ হাজাৰ টকা বন্ধ কৰি দিয়া বুলি ৰাজ্যখনৰ শাসনত থকা কংগ্ৰেছ চৰকাৰক অভিযোগ তোলে। ৰাজ্য চৰকাৰৰ হাতত উন্নয়নৰ বাবে কোনো ধনৰাশি নাই বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ভোটদাতাসকলক অহা ৭ মেত ভোটদান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক