May 28, 2024 1:17 PM | IMD

printer

জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

বতৰ বিজ্ঞান বিভাগে অহা ৩০ মে’ পর্যন্ত পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত উৎকট গৰম তথা গ্ৰীষ্ম প্ৰবাহৰ সতর্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাৱ তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈ ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। একেদৰে হাৰিয়ানাৰ উত্তৰ অংশ আৰু চণ্ডিগড়কে ধৰি পাঞ্জাৱৰ তাপমাত্রা ৪৩ৰ পৰা ৪৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাত অহা ৩০ জুন পর্যন্ত বালবাতিকাৰ পৰা দ্বাদশ শ্ৰেণীলৈ গ্ৰীষ্ম বন্ধ ঘোষণা কৰা হৈছে। এই নিৰ্দেশনা সকলোবোৰ চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ’ব। ৰাজ্যখনৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এই নিৰ্দেশনা অমান্য কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। ইপিনে বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দেশৰ অধিকাংশত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হ’ব বুলি আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগৰ সঞ্চালক প্ৰধান ডº মুত্যুঞ্জয় মহাপাত্রই জানিবলৈ দিয়া মতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত মধ্য তথা দক্ষিণ ভাৰতত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ বিপৰীতে পশ্চিম ভাৰতত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ’ব। অৱশ্যে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিকতকৈ কম পৰিমাণৰ বৰষুণ হ’ব পাৰে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা পোৱা গৈছে। ডº মহাপাত্রই লগতে কয় যে, কেৰালা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজিৰে পৰা অহা ৪ দিনলৈ মৌচুমী বতাহৰ ফলত বাৰিষাকালৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা দেখা গৈছে। মৌচুমী বায়ু ইতিমধ্যে আৰৱ সাগৰৰ কিছু অংশৰ লগতে বংগোপ সাগৰৰ দক্ষিণ, পূৱ, পশ্চিম, মধ্য আৰু উত্তৰ-পূব অংশলৈ অগ্ৰসৰ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক