ডাউনলোড
মোবাইল এপ

android apple
signal

June 12, 2024 8:04 PM | PM Italy Visit

printer

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী ইটালীলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হবলগীয়া জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ ইটালীলৈ বুলি ৰাওনা হব। বিদেশ সচিব বিনয় কোৱাট্টাই আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্রী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট্ৰৰ সমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্রদান কৰিব। ভাৰতে জি-ছেভেন শীৰ্ষ সন্মিলনত এইবাৰকে ধৰি একাদশ বাৰ অংশগ্রহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চম বাৰৰ বাবে সন্মিলনত অংশ লব। প্রধানমন্ত্রীয়ে শুকুৰবাৰে আউটৰীচ সত্ৰত ভাগ লব। সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰীয়ে জি চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। শ্রীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেল’নিৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ লব। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে ছুইজাৰলেণ্ডত হবলগীয়া ইউক্রেইন শান্তি সন্মিলনত সঠিক পর্যায়ত অংশ লব। এইমাহত ছুইজাৰলেণ্ডত আয়োজিত এই সন্মিলনত প্রায় ৯০ খন দেশে অংশগ্ৰহণ কৰাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক