কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি ৰাজস্থানৰ জয়চলমেৰ সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত সামগ্ৰী আৰু সেৱাকৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰি আলোচনা অনুষ্ঠিত হ’ব। গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। জি এছ টি পৰিষদৰ বৈঠকত খাদ্য সেৱা আৰু স্বাস্থ্য বীমাৰ সৈতে জড়িত কৰ সংযোজিত বিষয়সমূহ লৈ বিশেষ আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে এই বৈঠকত জীৱন আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত থকা জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো আলোচনা হোৱাৰ আশা আছে। অসামৰিক বিমানৰ টাৰবাইন ইন্ধনক জি এছ টিৰ অধীনলৈ অনা সন্দৰ্ভতো আলোচনা কৰা হ’ব। বৈঠকৰ অন্তত বিত্তমন্ত্ৰীগৰাকীয়ে এই বৈঠকত হোৱা সিদ্ধান্তসমূহ লৈ এখন সংবাদমেলো সম্বোধন কৰিব। গল্ডেন চিটী হিচাপে খ্যাত জয়চালমেৰত প্ৰথমবাৰৰ বাবে জি এছ টি পৰিষদৰ বৈঠকৰ আয়োজন কৰা হৈছে।
Site Admin | December 21, 2024 11:52 AM | 55 GST Summit