October 8, 2024 7:44 PM | Rajnath Singh

printer

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনযোগে বাৰ্তালাপ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰে। আলোচনাকালত বায়ু আৰু সামুদ্রিক ক্ষেত্ৰৰ অনুশীলনসহ বৰ্তমানৰ বিভিন্ন সহযোগিতামূলক কাম-কাজৰো পৰ্যালোচনা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাৰ্মানীৰ যুটীয়া প্ৰকল্পসমূহৰ লগতে প্ৰতিৰক্ষা গতিবিধি সঠিক ৰূপ প্ৰদানৰ উদ্দেশ্যে অদূৰ ভৱিষ্যতে পৰিকল্পনা কৰা বুলিও শ্রীসিঙে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক