ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 6:30 PM | Accident | Jalukbari

printer

জালুকবাৰীৰ গোটানগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী ছাত্রী গুৰুতৰভাৱে আহত

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী ছাত্রী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটীক মহটীয়াই নিয়াৰ ফলত প্ৰফুল্ল দাস নামৰ লোকজন থিতাতে নিহত হয়। সম্প্রতি ছাত্রী তিনিগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইপিনে বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ থিতাতে নিহত হয়। মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে ছাত্ৰজনক খুন্দিয়াই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক