ডাউনলোড
মোবাইল এপ

android apple
signal

July 14, 2024 7:05 PM | Money Lending

printer

জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধকক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত আজি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰিছে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পৰ্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰা হয়। এই গোচৰৰ তদন্তত বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনে ইণ্টাৰনেট বেংকিঙৰ সহায়ত ধন জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহে। অৱসৰপ্ৰাপ্ত মহা- পৰিদৰ্শকজনৰ বেংক একাউণ্টৰ সৈতে ফোন নম্বৰ সংযোগ কৰি আৰু ইউজাৰ আইডিৰ লগতে পাছৱৰ্ড সৃষ্টি কৰি বৰবাৰী শাখাৰ প্ৰাক্তন শাখা-প্ৰৱন্ধকগৰাকীয়ে জালিয়াতি কৰিছিল। অভিযুক্ত হুছেইনে একেদৰে আন বহু লোকৰ ধন আত্মসাৎ কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক