May 27, 2024 7:21 PM | Arrest

printer

জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ

ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে ৰে’লযোগে জালনোট সৰবৰাহৰ আন এটা প্ৰচেষ্টা আজি প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। আৰ পি এফৰ এটা দলে কামাখ্যা ৰে’লৱে ষ্টেচনত ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই আজি জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ নিবাসী ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা আৰ পি এফে ৫ লাখ ৭১ হাজাৰ ৫০০ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জালনোটসমূহ সৰবৰাহকাৰী কেইজনে ক’ৰ পৰা আনিছিল সেই সন্দৰ্ভত ৰে’লৱে আৰক্ষীৰ দলটোৱ জেৰা অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।