ডাউনলোড
মোবাইল এপ

android apple
signal

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত নির্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনৰ ছহিদসকলৰ আদৰ্শৰে সকলোকে আগুৱাই যোৱাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী আৰু সাংসদে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ অন্যতম উদ্যোক্তা সদৌ অসম ছাত্ৰ সন্থাই আজি গোৱালপাৰা জিলাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ছহিদ দিৱস পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাংগণত, বৰপেটা ৰোডত, গুৱাহাটী বিশ্ববিদ্যালয় আইন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আজি ছহিদ দিৱস পালন কৰা হয়। ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মগাঁও বৰপেটাৰ উজান বৰগুৰিত আজি অসম গণ পৰিষদ দলে আয়োজন কৰা ছহিদ দিৱসৰ কাৰ্যসূচীত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে আৰু ছহিদগৰাকীৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰে।আনহাতে কেন্দ্রীয় মন্ত্রী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ছহিদ দিৱস উপলক্ষে অসমীয়াৰ পৰিচয়, সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ হকে আত্মবলিদান দিয়া বীৰ ছহিদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে।

অধিক পঢ়ক

সকলো চাওক