প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জামুইত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৬,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজিৰ ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। একে সময়তে তেওঁ ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ বছৰজোৰা উদযাপন পর্বও মুকলি কৰে। উল্লেখযোগ্য যে আজি অনুষ্ঠানত উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ জৰিয়তে জনজাতীয় সম্প্রদায়ক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ দূৰণিবটীয়া তথা গ্ৰামাঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । প্রধানমন্ত্ৰীয়ে লগতে ভগৱান বীছা মুণ্ডাৰ জীৱন তথা সমৃদ্ধিশালী জনজাতীয় ঐতিহ্য আৰু সংস্কৃতিৰ আধাৰত আয়োজন কৰা এখন প্ৰদৰ্শনীও মুকলি কৰে। তদুপৰি তেওঁ জনজাতীয় সম্প্ৰদায়ৰ ইতিহাস আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে দুটা জনজাতীয় স্বাধীনতা সংগ্রামী সংগ্রহালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। শ্ৰী মোদীয়ে লগতে প্রধানমন্ত্রী জনমন অভিযানৰ অধীনত নিৰ্মাণ কৰা ১১ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানতো ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰ, ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আৰু চিৰাগ পাছোৱানকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে বীৰছা মুণ্ডা আৰু বুধৰাম মুণ্ডাৰ বংশধৰৰ লগতে ছহীদ ছিধো কানহু আৰু মণ্ডল মুমুৰ পৰিয়ালৰ সদস্যসকলক সম্বর্ধনা জনায়।
Site Admin | November 15, 2024 4:49 PM | PM Janajatiya Diwas