জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ড° হলনেছে প্রথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যৱসায় আৰু বাণিজ্যৰ আগশাৰীৰ নেতাসকলৰ সৈতেও মিলিত হ’ব। চাৰিদিনীয়া ভ্ৰমণৰ অংশ হিচাপে কাইলৈ তেওঁ বাৰাণসী ভ্ৰমণ কৰিব। আমাৰ সংবাদদাতাই জানিবলৈ দিছে যে জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত অর্থনৈতিক সহযোগিতা সুদৃঢ় হোৱাৰ লগতে বিভিন্ন খণ্ডত সহযোগিতা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতে জামাইকাৰ উন্নয়নমূলক প্ৰকল্পত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জামাইকাৰ কিছন চহৰত গ্ৰামোন্নয়নৰ এখন আঁচনি ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত দেশখনলৈ ১ মিলিয়ন আমেৰিকান ডলাৰৰ সাহায্যৰ ঘোষণা কৰিছিল। এই পদক্ষেপৰ ফলত জামাইকাৰ বহনক্ষম বিকাশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। ব্যৱসায় আৰু বাণিজ্যৰ দিশত দুয়োখন দেশে উল্লেখযোগ্য বিকাশ সাধন কৰিছে। ভাৰত আৰু জামাইকাই ৬৬ মিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায় সম্পন্ন কৰিছে। ভাৰতীয় কোম্পানীসমূহে জামাইকাত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি আৰ্থিক বিকাশ ত্বৰান্বিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক