ডাউনলোড
মোবাইল এপ

android apple
signal

January 23, 2025 8:04 PM

printer

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা দেশখনৰ কেইবাখনো মন্ত্ৰী-নেতাক সাক্ষাৎ

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কোমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে বুলি অৱগত কৰে। তদুপৰি অসমৰ প্ৰতিভাৱান আৰু দক্ষতাসম্পন্ন যুৱক-যুৱতীয়ে জাপানত কৰ্মচাৰীৰ চাহিদা পূৰণ কৰাত কেনেদৰে সহায় কৰিব এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনা কালত ভাৰত আৰু জাপানৰ মূল্যবোধ, ৰীতি-নীতি আৰু গৌতম বুদ্ধৰ আদৰ্শৰাজিয়ে কিদৰে দুয়ো দেশৰ মাজত আধ্যাত্মিক সেতু গঢ়ি তুলিছে সেই বিষয়সমূহে স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে আজি দেশখনৰ ভূমি, আন্তঃগাঁথনি, পৰিবহন আৰু পৰ্যটন বিভাগৰ ৰাজ্যমন্ত্ৰী ফুৰুকাৱা য়াছুছিৰ সৈতেও বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড০ শৰ্মাই অসমত পৰ্যটনৰ সম্ভাৱনা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাকে ধৰি কেইবাটাও বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি জাপানৰ খাদ্য প্ৰসংস্কৰণ কোম্পানী কামেদা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রীলেখ ৰাজ জুনেজাৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁক অসমৰ সমৃদ্ধিশালী খাদ্য প্ৰসংস্কৰণ খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনায়। তেওঁ কয় যে অসমত উদ্যোগৰ বাবে সৃষ্টি হোৱা অনুকূল পৰিবেশেৰ বাবে বৃহৎ কোম্পানীসমূহে নিজৰ কাৰ্যপন্থা সুচলভাৱে আগবঢ়াই নিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে শ্ৰীজুনেজাক শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় সন্মান বঁটা ২০২৫ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি হিৰোছিমাত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ প্ৰতিমূৰ্তিত শ্রদ্ধা তৰ্পন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনত এই প্রতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল।
উল্লেখযোগ্য যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে টকিঅ’ত জাপানৰ কমেও ১৬০ গৰাকী বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ তেওঁলোকক আমন্ত্রণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ ক্রমবর্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ আফ্রিকাও ভ্ৰমণ কৰি দেশখনৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ‍ কৰে।

অধিক পঢ়ক

সকলো চাওক