এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবীছ প্রশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বোড শ্ব’ত অংশ লৈ দেশখনৰ আগশাৰীৰ উদ্যোগ আৰু ব্যৱসায় জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময়ত মুখ্যমন্ত্রীয়ে অসমৰ আকর্ষণীয় অর্থনৈতিক বিকাশ আৰু ব্যৱসায়ৰ সূচলতা সন্দৰ্ভত আলোকপাত কৰে। ভাৰত-জাপান সম্পৰ্কত অসমৰ বিশেষ ভূমিকাক গুৰুত্ব প্রদান কৰি মুখ্যমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে। একক উইণ্ডো ব্যৱস্থা আৰু ৩ বিলিয়ন আমেৰিকান ডলাৰৰ উৎপাদন সংযোজনে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজলাই তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
Site Admin | January 22, 2025 6:27 PM | CM Himanta Biswa Sarma | CMO Assam | himanta bisha sarma | Japan